উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি পুৱা আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। কেইবাটাও পৰ্যায়ত হ’বলগীয়া এই উচ্ছেদ অভিযানত ২,৬০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। প্রশাসনে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ ব্যৱহাৰ কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উল্লেখযোগ্য যে উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰী বিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক কালিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকিয়াই দিছিল। মেৰাপানীৰ সমীপৰ দুই নম্বৰ নেঘেৰিবিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্রশাসন সাজু হৈছে।
ইপিনে, ৰাজ্য চৰকাৰে ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হোৱাৰ সময়তে নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন এন এছ চি এনে এই উচ্ছেদৰ বিৰোধিতা কৰিছে। উচ্ছেদ হ’বলগীয়া বনাঞ্চলৰ ভূমি নাগালেণ্ডৰ বুলি সংগঠনটোৱে দাবী কৰিছে।
ইপিনে, নগাঁও জিলাৰ হাতীচোং মৌজাৰ দুটা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে।
Site Admin | July 29, 2025 10:18 AM | Uriamghat Rengma Forest Reserve Eviction
উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগৰ উচ্ছেদ অভিযান আৰম্ভ
