ডাউনলোড
মোবাইল এপ

android apple
signal

August 22, 2025 7:58 PM | SC Direction

printer

উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ৭৩ টা পৰিয়ালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি নৰসিমহা আৰু অতুল চন্দ্ৰকাৰৰ বিচাৰপীঠে পৰৱৰ্তী শুনানি পর্যন্ত এই স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনলৈ জাননী জাৰি কৰিছে।
ইপিনে, ডিব্ৰুগড় জিলা প্রশাসনে আজি পল্টন বজাৰৰ মুখ্যমন্ত্রী সচিবালয়ৰ সমীপৰ চৰকাৰী মাটিত অবৈধভাৱে বাস কৰা বহু লোকক উচ্ছেদ কৰে। এই চৰকাৰী ভূমি দখল কৰি বহুকেইটা পৰিয়ালে অঞ্চলটোত দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছিল বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনাইছে।
নগাঁও জিলা প্ৰশাসনে ধিং ৰাজহ চক্ৰৰ অধীনৰ ডাগৰ আৰু আলিটাঙনি মৌজাৰ জেঙনি তিনিআলিত উচ্ছেদ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ধিং ৰাজহ চক্ৰ বিষয়াই যোৱা ৫ আৰু ৮ জুলাইত দখলীকৃত ভূমি খালী কৰিবলৈ অঞ্চল দুটাৰ জনসাধাৰণলৈ জাননী প্ৰেৰণ কৰিছিল। অহা ২৭ আগষ্টত এই অঞ্চলকেইটাত উচ্ছেদ অভিযান চলোৱা হ’ব। উল্লেখযোগ্য যে এই অঞ্চলকেইটাত কাইলৈ উচ্ছেদ চলোৱাৰ কথা আছিল যদিও ব্যৱসায়ী আৰু অঞ্চলটোৰ লোকসকলে ৩ দিনৰ সময় বিচৰাত অহা বুধবাৰে উচ্ছেদ অভিযান চলোৱা হ’ব বুলি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অৱগত কৰে।
বিশ্বনাথ জিলা প্রশাসনেও নিজ বাঘমাৰীৰ নামাপাৰা, প’লকটা আদি অঞ্চলৰ ৪৩৩ টা পৰিয়াললৈ উচ্ছেদ জাননী জাৰি কৰিছে। প্ৰশাসনে কালি বাঘমাৰী মণ্ডলৰ জৰিয়তে পৰিয়ালকেইটালৈ জাননী প্ৰেৰণ কৰি ১৫ দিনৰ ভিতৰত চৰকাৰী ভূমি ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। ১৫ দিনৰ ভিতৰত অবৈধভাৱে দখল কৰা ভূমি নেৰিলে জিলা প্রশাসনে সেই স্থানত উচ্ছেদ চলাব। এই পৰিয়ালকেইটাই চৰণীয়া পথাৰৰ ২৬৫ বিঘা ভূমি অবৈধভাৱে দখল কৰি আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।