ডাউনলোড
মোবাইল এপ

android apple
signal

উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি ৭ দিনৰ ভিতৰত লোকসকলক স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ

■ উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি বনভূমি দখল কৰি থকা লোকসকলক ৭ দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰী খণ্ড বিচাৰপীঠে দিয়া ৰায় অনুসৰি উৰিয়ামঘাটৰ বনভূমি দখল কৰি থকা লোকসকলে যিকোনো পৰিস্থিতিতে সেই স্থান ত্যাগ কৰিব লাগিব। উৰিয়ামঘাটৰ ৰাণা নগৰ, হাতীডুবি, হালধিবাৰী, দুর্গাপুৰ আৰু ১ নম্বৰ মধুপুৰ গাঁৱত কালি প্ৰশাসনে দ্বিতীয় পর্যায়ত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। এই গাঁও কেইখনৰ ৫৭ টা পৰিয়ালে উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাত ন্যায়ালয়ে কালি পর্যন্ত তেওঁলোকক সাময়িকভাৱে সকাহ দিছিল। কালি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে একেটা শুনানিতে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল আৰু বনভূমিসমূহত হোৱা অবৈধ দখল সন্দৰ্ভতো কঠোৰ নিৰ্দেশনা দিছে।
ইপিনে অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত জিলা প্ৰশাসন আৰু বন বিভাগে কালি পাঁচখন গাঁৱত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰে যদিও নগালেণ্ডৰ একাংশ লোকে বাধা প্ৰদান কৰাৰ বাবে এই অভিযান বিঘ্নিত হয়। এই অভিযান আৰম্ভ কৰাৰ পাছতে প্রতিবেশী ৰাজ্যখনৰ একাংশ লোকে বাধা দিয়াক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ড প্ৰশাসনৰ সৈতে হোৱা আলোচনা মর্মে সাময়িকভাৱে এই অভিযান বন্ধ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত দুয়োখন ৰাজ্যৰ সীমামূৰীয়া জিলাৰ আয়ুক্তৰ মাজত আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।