ডাউনলোড
মোবাইল এপ

android apple
signal

উৰিয়ামঘাটত নগাৰ আগ্ৰাসন হোৱা নাই: মুখ্যমন্ত্ৰী

● উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ১২ হেজাৰ হেক্টৰ ভূমি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। উৰিয়ামঘাটত নগা লোকৰ আগ্ৰাসন হোৱা নাই বুলি স্পষ্ট কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জাতীয় জীৱনৰ বৃহত্তৰ স্বাৰ্থত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয়, যে উৰিয়ামঘাটৰ স্থান তেওঁ নিজে প্ৰত্যক্ষ কৰি আহিছে আৰু সেই স্থানত নগাৰ আগ্ৰাসন হোৱা কথাটো সম্পূৰ্ণ মিছা। ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত অহা নৱেম্বৰত হবলগীয়া অসম বিধানসভাৰ অধিৱেশনত আলোচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ইপিনে, বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ কালি মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহচক্ৰৰ অন্তৰ্গত কাৱৈমাৰী, গুলীবন্ধা আৰু সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলত অবৈধ দখলকাৰীৰ কবলত থকা কেইবাহাজাৰ বিঘা ভূমি অতি সোনকালে দখলমুক্ত কৰা হ’ব বুলি উল্লেখ কৰে।