ডাউনলোড
মোবাইল এপ

android apple
signal

July 30, 2025 12:39 PM | HC Notification

printer

উৰিয়ামঘাটত উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধৰ নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধ ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। ন্যায়াধীশ এছ কে মেধিৰ আদালতে কালি উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি ৭ আগষ্ট পর্যন্ত উচ্ছেদ অভিযান নচলাবলৈ নিৰ্দেশ কৰে। উল্লেখযোগ্য যে এই অভিযান সন্দৰ্ভত ৭৪ জন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিয়াৰ লগতে সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা মতামত বিচাৰে। উল্লেখযোগ্য যে এই উচ্ছেদক লৈ কেইবাখনো গাঁৱৰ ৰাইজে উচ্চ ন্যায়ালয়ত একাধিক আবেদন দাখিল কৰিছিল।ইপিনে, কালি আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগে অঞ্চলটোত উচ্ছেদ অভিযান চলায়। অঞ্চলটোৰ বিদ্যাপুৰ বজাৰত কালি অভিযান চলাই ভালেসংখ্যক ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰা হয়। তদুপৰি সেই এলেকাৰ কেইবাটাও বাসগৃহও উচ্ছেদ কৰা হয়। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত দুহেজাৰ ৬০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ জাননী পোৱাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৮০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উল্লেখযোগ্য যে বন বিভাগ আৰু প্ৰশাসনে অঞ্চলটোত উচ্ছেদ চলাবলৈ সাজু হোৱাৰ সময়ত নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন এন এছ চি এনে এই কাৰ্যৰ বিৰোধিতা কৰিছিল যদিও কালি নগা আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ এটা বৃহৎ দলে এই অভিযানত সহযোগ কৰে। অভিযান কালত অসম আৰক্ষী, বন বিভাগ আৰু চি আৰ পি এফৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকি পৰিস্থিতি তদাৰক কৰে। 

অধিক পঢ়ক

সকলো চাওক