উমৰাংছ’ত জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাচাওৰ উমৰাংছ’ত আজি অসম ক্রিকেট সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ষ্টেডিয়ামখন মুকলি কৰিব। সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ এই ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। প্ৰায় ৩০ বিঘা ভূমিত নিৰ্মাণ কৰা ষ্টেডিয়ামখনত পাঁচখন পিছ, এটা আধুনিক পেভেলিয়ন আৰু অন্যান্য উন্নত সুবিধাসমূহ খেলুৱৈসকলে লাভ কৰিব। এই ষ্টেডিয়ামে ক্ৰীড়াৰ ক্ষেত্ৰত জিলাখনক আগবঢ়াই নিয়াৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে।