October 5, 2025 7:12 PM | Dr. Jitendra Singh

printer

উধামপুৰ বিমানবন্দৰৰ কাৰ্যকৰীকৰণ চূড়ান্ত কৰা হৈছে বুলি ড° জিতেন্দ্র সিঙৰ প্ৰকাশ

প্রধানমন্ত্রী কার্য্যালয় দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্র সিঙে উধামপুৰ বিমানবন্দৰৰ কাৰ্যকৰীকৰণ চূড়ান্ত কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আনহাতে প্ৰস্তাৱিত কিষ্টৱাৰ বিমানবন্দৰক “উড়ান” আঁচনিত অন্তর্ভুক্ত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি জন্মু-কাশ্মীৰৰ বিমান পৰিবহণ প্ৰকল্পৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে নিৰাপত্তাৰ দিশটোত গুৰুত্ব আৰোপ কৰি স্থানীয় লোকসকলক ব্যয়সাধ্য ভ্রমণ বিকল্প প্ৰদানৰ উদ্দেশ্যে আঞ্চলিক সংযোগ উন্নত কৰাৰ বিষয়ে আলোকপাত কৰে। উধামপুৰ বিমানবন্দৰটোৱে প্ৰথম অৱস্থাত আঞ্চলিক সংযোগ আঁচনিৰ অধীনত এ টি আৰ ৭২খন আসনযুক্ত বিমানেৰে কাম আৰম্ভ কৰিব পাৰে, যাৰ ফলত প্ৰচলিত হাৰৰ প্ৰায় আধা মূল্যত টিকটৰ ভাড়া নিৰ্ধাৰণ কৰিব পৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।