শীতকালত ঘন কুঁৱলীৰ ফলত হোৱা বিলম্ব হ্ৰাস কৰাৰ লগতে যাত্ৰীৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে উত্তৰ ৰেলৱেৰ জম্মু সংমণ্ডলে নিৰ্বাচিত ৰে’লৰ বাবে “স্ক্রেচ ৰেক” বা অতিৰিক্ত ৰেকৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। বিশেষকৈ উত্তৰ ভাৰতত শীতকালত প্ৰায়ে তীব্ৰ কুঁৱলীৰ ফলত প্ৰভাৱিত হোৱা ৰে’লসমূহৰ সময়মতে যাত্ৰা আৰু আগমন সুনিশ্চিত কৰাটোৱেই এই পদক্ষেপৰ লক্ষ্য। এই ব্যৱস্থাৰ অধীনত কুঁৱলী বা অন্যান্য বাধাৰ বাবে মূল ৰে’ল ৰেক যথেষ্ট পলম হ’লে প্ৰস্তুত ৰখা আন এটা তাৎক্ষণিকভাৱে সেৱাত ব্যৱহাৰ কৰা হয়।
ৰে’ল বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা মতে, জম্মু তাৱী-আজমেৰ এক্সপ্ৰেছ আৰু শ্ৰীমাতা বৈষ্ণো দেৱী কাত্ৰা-নতুন দিল্লী- ী-কাত্রা এক্সপ্ৰেছৰ বাবে এই সুবিধা কাৰ্যকৰী কৰা হৈছে। এই ৰে’লসমূহৰ মূল ৰেক সাত ঘণ্টা বা তাতকৈ অধিক পলম হ’লে বা বিলম্ব অনির্দিষ্টকালীন হ’লে স্ক্রেচ ৰেক ব্যৱহাৰ কৰা হ’ব, যাৰ ফলত নিৰ্ধাৰিত ৰে’ল সেৱা সময়মতে চলিব পাৰিব।
Site Admin | December 24, 2025 10:21 AM | Train Crash Reck
উত্তৰ ৰেলৱেৰ জম্মু সংমণ্ডলৰ নিৰ্বাচিত ৰে’লৰ বাবে “স্ক্রেচ ৰেক” বা অতিৰিক্ত ৰেকৰ ব্যৱস্থাৰ প্ৰৱৰ্তন