December 24, 2025 10:21 AM

views 27

উত্তৰ ৰেলৱেৰ জম্মু সংমণ্ডলৰ নিৰ্বাচিত ৰে’লৰ বাবে “স্ক্রেচ ৰেক” বা অতিৰিক্ত ৰেকৰ ব্যৱস্থাৰ প্ৰৱৰ্তন

শীতকালত ঘন কুঁৱলীৰ ফলত হোৱা বিলম্ব হ্ৰাস কৰাৰ লগতে যাত্ৰীৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে উত্তৰ ৰেলৱেৰ জম্মু সংমণ্ডলে নিৰ্বাচিত ৰে'লৰ বাবে "স্ক্রেচ ৰেক" বা অতিৰিক্ত ৰেকৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। বিশেষকৈ উত্তৰ ভাৰতত শীতকালত প্ৰায়ে তীব্ৰ কুঁৱলীৰ ফলত প্ৰভাৱিত হোৱা ৰে'লসমূহৰ সময়মতে যাত্ৰা আৰু আগমন সুনিশ্চিত কৰাটোৱেই এই পদক্ষেপৰ লক্ষ্য। এই ব্যৱস্থাৰ অধীনত কুঁৱলী বা অন্যান্য বাধাৰ বাবে মূল ৰে'ল ৰেক যথেষ্ট পলম হ'লে প্ৰস্তুত ৰখা আন এটা তাৎক্ষণিকভাৱে সেৱাত ব্যৱহাৰ কৰা হয়। ৰে'ল বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰ...