কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি কৈছে, যে উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমে নহয় ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছে। আজি বিয়লি লক্ষ্ণৌত আয়োজিত উত্তৰ প্ৰদেশ দিৱসৰ কাৰ্যসূচীত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই কথা প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ প্ৰদেশ বৰ্তমান দেশৰ চতুৰ্থ অৰ্থ ব্যৱস্থাৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে আৰু খাদ্য-সামগ্ৰীৰ উৎপাদনত ২০ শতাংশ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। তেওঁ নিৰ্ধাৰিত সময় অনুসৰি বৰ্তমান সময়ত ৰূপায়িত আঁচনিসমূহ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত প্ৰগতি মঞ্চই উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি মত প্ৰকাশ কৰে। ক্ষুদ্র, লঘু আৰু মধ্যম উদ্যোগ খণ্ডৰ ব্যাপক প্ৰসাৰেৰে ৰাজ্যখনে আত্মনিৰ্ভৰ ভাৰত অভিযানক অধিক গতি প্ৰদান কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কয়, যে ৰাজ্যখনৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কেৱল ৰাজ্যতে নহয় আন দেশত বসবাস কৰা উত্তৰ প্ৰদেশৰ লোকসকলেও ইয়াক উদযাপন কৰিছে। লক্ষ্ণৌৰ ৰাষ্ট্ৰ প্ৰেৰণা স্থলত আয়োজিত কাৰ্যসূচীত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে এখন জিলা এটা ব্যঞ্জন আঁচনি মুকলি কৰে। তেওঁ লগতে চৰ্দাৰ পেটেল উদ্যোগীক অঞ্চল আঁচনি মুকলি কৰে।
Site Admin | January 24, 2026 8:54 PM | Akashvani | Akashvani News | Amit Shah | Uttar Pradesh
উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমে নহয় ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছেঃ অমিত শ্বাহ