উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত সংঘটিত ঘটনাটোত মুঠ ৫ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত সংঘটিত ঘটনাটোত মুঠ ৫ জন শ্রমিকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা শনিবাৰে বিয়লি শিলৰ কুৱেৰীটোত সংঘটিত ঘটনাটোত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কুৱেৰীটোত ১২ জনতকৈও অধিক শ্রমিক বর্তমানো আৱদ্ধ হৈ আছে আমাৰ সংবাদদাতাই জনাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী- এন ডি আৰ এফ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী- এছ ডি আৰ এফ তথা স্থানীয় প্রশাসনে কুৱেৰীটোত আৱদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰৰ বাবে যুদ্ধসদৃশ তৎপৰতা চলাই আছে। ৰাজ্যমন্ত্ৰী ৰবীন্দ্ৰ জয়ছোৱালে ঘটনাস্থলী পৰিদৰ্শন কৰি উদ্ধাৰ অভিযানৰ বুজ লয়। দুৰ্যোগ ব্যৱস্থাপনা সচিব যোগেন্দ্র ডিম্ৰীয়ে কয়, যে উদ্ধাৰ অভিযানকাৰী দলে ক্ষিপ্ৰতাৰে আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰৰ বাবে অভিযান চলাই আছে।