উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ঔছনেশ্বৰ মহাদেৱ মন্দিৰৰ এখন টিঙৰ চালিত বৈদ্যুতিক তাঁৰ পৰি যোৱাৰ ফলত সৃষ্টি হোৱা ঠেলাহেচাত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭ জন লোক আহত হয়। পৱিত্ৰ শাওণ মাহৰ আজি তৃতীয়টো সোমবাৰৰ দিনা ভক্তসকলে মন্দিৰত দৰ্শনৰ বাবে শাৰী পাতি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ আহতসকলৰ প্ৰয়োজনীয় চিকিৎসা নিশ্চিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নিহতকেইজনৰ নিকতাত্মীয়লৈ পাঁচ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে। বাৰাবাংকীৰ জিলা দণ্ডাধীশ শশাংক ত্রিপাঠীয়ে জনোৱা মতে মন্দিৰৰ কাষত বান্দৰে জপিয়াই থকাৰ ফলতে এডাল বৈদ্যুতিক তাঁৰ টিনৰ চালিৰ ওপৰত পৰি যায়। ইয়াৰ ফলত প্ৰায় ১৯ জন লোকৰ দেহত বিদ্যুৎ সৰবৰাহ হয়। আহতসকলক ত্রিবেদীগঞ্জ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱাৰ লগতে গুৰুতৰভাৱে আহত কেইবাজনো লোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।
Site Admin | July 28, 2025 5:28 PM | Akashvani News | Uttar Pradesh
উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ঔছনেশ্বৰ মহাদেৱ মন্দিৰৰ এখন টিঙৰ চালিত বৈদ্যুতিক তাঁৰ পৰি যোৱাৰ ফলত সৃষ্টি হোৱা ঠেলাহেঁচাত কমেও ২জন লোকৰ মৃত্যুৰ লগতে ১৭ জন লোক আহত
