উত্তৰ প্ৰদেশৰ অযোধ্যাত আজি দীপাৱলীৰ পূৰ্বসন্ধ্যা বৃহৎ দ্বীপোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰখনে ৰাম কী পেইড়ীকে ধৰি অযোধ্যাৰ ৫৬টা ঘাটত ২৬ লাখৰো অধিক চাকি জ্বলাই বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য নির্ধাৰণ কৰিছে। এই বছৰ সৰজো নদীৰ পাৰত ২১০০ গৰাকী বেদাচাৰ্যই মহা আৰতি আৰু শ্লোক উচ্চাৰণেৰে আন এটা বিশ্ব অভিলেখ গঢ়াৰো পৰিকল্পনা কৰা হৈছে। ৰাজ্যপাল আনন্দী বেন পেটেলৰ লগতে মুখ্যমন্ত্রী যোগী আদিত্য নাথ আৰু বহু কেইগৰাকী মন্ত্রী এই অনুষ্ঠানত উপস্থিত থাকিব। এই উৎসৱ উপলক্ষে আজি পুৱাৰে পৰা অযোধ্যাত আধ্যাত্মিকতা, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হৈছে। চাকেট মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰাত ৰামায়ণৰ ৭টা অধ্যায়ৰ আধাৰত প্ৰতীকপট প্ৰদৰ্শন কৰা হৈছে। বিভিন্ন ৰাজ্যৰ পৰা অহা শিল্পীসকলে শোভাযাত্রাত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিছে। অবধ বিশ্ববিদ্যালয়ৰ ৩৩ হাজাৰ স্বেচ্ছাসেৱকে ঘাটসমূহত জ্বলোৱা চাকিত শলিতা আৰু তেল যোগান ধৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম এই ঐতিহাসিক দ্বীপোৎসৱত অংশগ্ৰহণৰ বাবে সকলোকে আহ্বান জনাইছে। এই উপলক্ষে সন্ধিয়া লেজাৰ আৰু ড্ৰোণ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।
Site Admin | October 19, 2025 7:46 PM | Dipawali at Uttar Pradesh
উত্তৰ প্ৰদেশৰ অযোধ্যাত দীপাৱলীৰ পূৰ্বসন্ধ্যা বৃহৎ দ্বীপোৎসৱৰ আয়োজন