October 19, 2025 7:46 PM

views 54

উত্তৰ প্ৰদেশৰ অযোধ্যাত দীপাৱলীৰ পূৰ্বসন্ধ্যা বৃহৎ দ্বীপোৎসৱৰ আয়োজন

উত্তৰ প্ৰদেশৰ অযোধ্যাত আজি দীপাৱলীৰ পূৰ্বসন্ধ্যা বৃহৎ দ্বীপোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰখনে ৰাম কী পেইড়ীকে ধৰি অযোধ্যাৰ ৫৬টা ঘাটত ২৬ লাখৰো অধিক চাকি জ্বলাই বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য নির্ধাৰণ কৰিছে। এই বছৰ সৰজো নদীৰ পাৰত ২১০০ গৰাকী বেদাচাৰ্যই মহা আৰতি আৰু শ্লোক উচ্চাৰণেৰে আন এটা বিশ্ব অভিলেখ গঢ়াৰো পৰিকল্পনা কৰা হৈছে। ৰাজ্যপাল আনন্দী বেন পেটেলৰ লগতে মুখ্যমন্ত্রী যোগী আদিত্য নাথ আৰু বহু কেইগৰাকী মন্ত্রী এই অনুষ্ঠানত উপস্থিত থাকিব। এই উৎসৱ উপলক্ষে আজি পুৱাৰে পৰা অযোধ্যাত আধ্যাত্মিকতা, সংস্কৃতি আ...