ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ-পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ’ব বুলি ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াৰ ঘোষণা

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ-পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ’ব বুলি ঘোষণা কৰিছে। নতুন দিল্লীত আয়োজিত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন ২০২৫ৰ সামৰণি অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এই বিষয়ে সদৰি কৰে। তেওঁ কয়, যে বিভিন্ন উদ্যমৰ জৰিয়তে অঞ্চলটোত ক্রীড়াতন্ত্ৰ শক্তিশালী কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। ২০৩০ চনত কমনৱেল্থ গেমছ আৰু ২০৩৬ চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বছৰৰ যিকোনো সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ আয়োজনৰ দিশৰ পৰা ভাৰত উত্তম স্থান।
ইপিনে, উত্তৰ-পূৱ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনে ৪ লাখ ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰা বুলি প্ৰকাশ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলক শক্তিশালী কৰি দেশৰ প্ৰগতিৰ চালিকা শক্তিৰূপে গঢ়ি তোলাৰ দিশৰ পৰা ইয়াক সচা অৰ্থত পাতনি বুলি অভিহিত কৰিব পৰা যায় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।