ডাউনলোড
মোবাইল এপ

android apple
signal

September 14, 2025 12:24 PM | IMD

printer

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি হিমালয়ৰ পাদদেশীয় অঞ্চলত প্ৰৱল বৰষুণৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগতে ছিক্কিম, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশীয় অঞ্চল, বিহাৰ আৰু গোৱাৰ কোনো কোনো এলেকাত প্ৰৱল বৰষুণৰ আগজাননী দিছে। বিভাগে লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, উত্তৰাখণ্ড, হিমাচল প্রদেশ, চত্তিশগড়, অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, উত্তৰ কৰ্ণাটকৰ ভিতৰুৱা এলেকা ওড়িশা আৰু তেলেংগানাত কাইলৈ পৰ্যন্ত মুষলধাৰ বৰষুণ অব্যাহত থাকিব বুলিও সকীয়াই দিছে। ইপিনে, অহা দুই-তিনিদিনলৈ জম্মু-কাশ্মীৰ, লাডাখ, গিলগিত, বাল্টিস্তান, মুজফফৰাবাদ আৰু তেলেংকানাত বিজুলী ঢেকেৰণীৰে সৈতে বৰষুণ হ’ব বুলি আগলি বতৰা দিছে।