ডাউনলোড
মোবাইল এপ

android apple
signal

June 29, 2025 12:21 PM | NFR

printer

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আজি বদৰপুৰ-লামডিং অংশৰ জাতিংগা-লামপুৰ ষ্টেচনৰ মাজেৰে কেইবাখনো ৰে’ল চলাচলৰ পৰিকল্পনা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আজি বদৰপুৰ-লামডিং অংশৰ জাতিংগা-লামপুৰ ষ্টেচনৰ মাজেৰে কেইবাখনো ৰে’ল চলাচল কৰোৱাৰ পৰিকল্পনা কৰিছে। প্ৰথম অৱস্থাত মালবাহী ৰে’ল চলাই ট্ৰেকৰ সবিশেষ পৰীক্ষা কৰি উঠাৰ পাছত যাত্ৰীবাহী ৰে’ল চলোৱা হ’ব। উল্লেখযোগ্য যে এই অঞ্চলটোত ভূমিস্খনৰ ফলত জমা শিল, মাটি আঁতৰোৱাৰ কাম সম্পূৰ্ণ কৰাৰ পাছত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে। ছদিনৰ বিৰতিৰ মূৰত এই পাহাৰীয়া লাইনটো পুনৰ কাৰ্যক্ষম হৈ উঠাৰ ফলত কালি পুৱা শিয়ালদহৰ পৰা শিলচৰ-কাঞ্চনজংঘা এক্সপ্ৰেছ ৰাওনা হৈছে আৰু আজি এই পাহাৰীয়া ৰে’লপথছোৱা অতিক্রম কৰিব। ৰে’লপথছোৱা মুকলি কৰাৰ পাছত এই এলেকাৰ মাজেৰে পাৰ হৈ যাবলগীয়া কাঞ্চনজংঘা এক্সপ্ৰেছ হ’ব প্ৰথমখন যাত্ৰীবাহী ৰে’ল। যোৱা ২৩ জুনৰ পৰা ভূমিস্খলনৰ বাবে এই লাইনেৰে সকলো ধৰণৰ ৰে’ল চলাচল বন্ধ হৈ আছিল। ইয়াৰ ফলত ডিমা হাছাও আৰু বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতেও ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈ আছিল। অৱশ্যে এই পথছোৱাৰে আজিৰ দিনটোত দুখন বা তিনিখন ৰে’ল চলাচল কৰাৰ পৰিৱৰ্তে অধিকাংশ ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। আজি নিশা ১০ বাজি ৪০ মিনিটত শিলচৰৰ পৰা ৰঙিয়া অভিমুখে যাত্ৰা কৰিবলগীয়া ৰে’লখন কাইলৈ পুৱা ৫ বজাত ৰাওনা হ’ব।

অধিক পঢ়ক

সকলো চাওক