উত্তৰ-পূৰ্বাঞ্চল সমগ্র দক্ষিণ-পূব এছিয়াৰ ভিতৰতে বিনিয়োগৰ কাৰণে আটাইতকৈ আকর্ষণীয় অঞ্চল হিচাপে পৰিগণিত হ’বলৈ গৈ আছে বুলি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ পৰিসংঘৰ উদ্যোগত গুৱাহাটীত আয়োজিত উত্তৰ-পূব তেল আৰু গেছ সম্মিলন ২০২৫ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি কয়, যে এন ই মানে এতিয়া নর্থ-ইষ্ট নহয়, এন ই মানে হ’ল দেশৰ নিউ ইঞ্জীন অর্থাৎ দেশৰ নতুন চালিকা শক্তি। তেওঁ কয়, যে উত্তৰ-পূৰ্বাঞ্চল সম্প্রতি ঐতিহাসিক ৰূপান্তৰৰ সাক্ষী হৈছে আৰু উন্নত তথা আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত সৱৰ ভূমিকা পালন কৰি আছে। উত্তৰ-পূর্বাঞ্চল সম্প্রতি যোগাযোগ তথা পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ নতুন যুগত প্ৰৱেশ কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে কৱেল উত্তৰ-পূবৰ জলপথ প্ৰকল্পতে এহেজাৰ কোটি টকাতকৈও অধিক বিনিয়োগ কৰিছে। তেওঁ কয়, যে অসম-অৰুণাচল প্রদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ প্ৰাকৃতিক সম্পদে অনাগত সময়ত দেশৰ বাবে উদ্যোগ, যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপন আৰু শক্তি ক্ষেত্ৰৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। উত্তৰ-পূৰ্বাঞ্চলে ভবিষ্যতে এই শক্তিৰ দ্বাৰা উদ্যোগীকৰণৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিব পাৰিব আৰু অঞ্চলটো শক্তি ক্ষেত্ৰৰ কেন্দ্ৰ বিন্দু হিচাপে পৰিগণিত হ’ব বুলি শ্রী সোণোৱালে প্রকাশ কৰে। তেওঁ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্র্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বিষয়ে আলোকপাত কৰে। ২০২৭ চনৰ ভিতৰত ৭৬ টা ৰাষ্ট্ৰীয় জলপথ কার্যক্ষম হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | November 21, 2025 11:15 AM | Sarbananda Sonowal
উত্তৰ-পূব তেল আৰু গেছ সন্মিলন ২০২৫ত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ