ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 15, 2024 7:02 PM | IMD weather

printer

উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত শীত প্রবাহ অধিক হোৱাৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২ -৩ দিনত উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত শীত প্রবাহ অধিক হ’ব বুলি আগজাননী দিছে। আজি পাঞ্জাৱ আৰু মধ্য ভাৰতত তীব্র শীতপ্রবাহ হোৱাৰ সম্ভাৱনাৰ কথাও বিভাগটোৱে প্ৰকাশ কৰিছে। হাৰিয়ানা, চণ্ডিগড়, উত্তৰ প্ৰদেশ, চতিশগড়, পশ্চিমবংগ আৰু ওড়িশাত আজি শীত প্রবাহ তীব্র হোৱাৰ লগতে অহা দুদিনৰ ভিতৰত জম্মু কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান আৰু মুঝাফৰবাদত শীত প্রবাহ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগটোৱে আৰু জনোৱা মতে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুদিনত পুৱা আৰু নিশাৰ ভাগত ঘণ কুঁৱলি পৰাৰ সম্ভাৱনা আছে। দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত নিশা আৰু পুৱাৰ ভাগত ধোঁৱা আৰু কুঁৱলি পৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰটোৱে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আজি প্ৰচণ্ড বৰষুণ আৰু কাইলৈ তামিলনাডু, পুডুচেৰী আৰু কাৰিকল বজ্ৰপাতৰ সৈতে প্ৰচণ্ড বৰষুণ হোৱাৰ আগলি বতৰা দিছে।