ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া ৬,২৯৪ কোটি টকা ব্যায় সাপেক্ষ ৩টা ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া ৬,২৯৪ কোটি টকা ব্যায় সাপেক্ষ ৩টা ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে গৃহ জিলা ময়ূৰভঞ্জত জনজাতি গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ, ৫২ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষ ১০০ খন বিচনাযুক্ত চিকিৎসালয় আৰু আন আন বিভিন্ন উন্নয়নমূলক প্রকল্পৰো আধাৰশিলা স্থাপন কৰে। এই নতুন ৰে’লৱে লাইনকেইটাই বাংৰিপোচিৰ পৰা গৰুমাহিচানীক, বাদাম পাহাৰৰ পৰা কেন্দুঝাৰগড়ক আৰু বুদামাৰাৰ পৰা ছাকুলিয়াক সংযোজিত কৰিব। এই ৰে’লপথ কেইটাই যোগাযোগৰ ক্ষেত্ৰত সূচলতা বৃদ্ধিৰ লগতে অর্থনৈতিক বিকাশ আৰু অঞ্চলটোৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অলপতে অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিৰ বৈঠকত ৰে’লৱে প্ৰকল্পকেইটাৰ বাবে অনুমোদন জনোৱা হৈছিল। আধাৰশিলা স্থাপন অনুষ্ঠানত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ লগতে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম উপস্থিত আছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে ৫ দিনীয়া ভ্ৰমণসূচীৰে যোৱা মঙলবাৰৰ পৰা গৃহ ৰাজ্য ওড়িশা ভ্ৰমণ কৰি আজি দুপৰীয়া দিল্লীলৈ উভতি আহে।