প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীলৈ টেলিফোন কৰি ৰাজ্যখনত প্রবল বৰষুণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লয়। প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৰাজ্যখনলৈ সকলোধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷ মুখ্যমন্ত্ৰী ধামীয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জনাই কয়, যে তেওঁলোকৰ সমৰ্থনে ৰাজ্যখনত সাহায্য অভিযান খৰতকীয়া কৰি তোলাত সহায় কৰিব৷
নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ভিত্তিত এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কেন্দ্ৰটোৰ কলাদৰ্শন বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক ৰিচা কাম্বোজৰ পৰিকল্পনাত আয়োজিত এই প্ৰদৰ্শনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ দ্বাৰা প্ৰভাৱিত হয়। জ্যেষ্ঠ শিল্পী মনজিৎ সিঙে আঁকা এলানি ছবি প্রদর্শন কৰা হ’ব। এই প্ৰদৰ্শনী কাইলৈৰ পৰা ২২ ছেপ্তেম্বৰলৈকে দিনৰ চাৰে ১০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈকে মুকলি থাকিব।