ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উত্তৰাখণ্ডৰ আলমোৰা জিলাত যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ আলমোৰা জিলাত আজি পুৱা এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ প্রাণহানি হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি গাউলিখাল পৰা ৰামনগৰ অভিমুখে গৈ থকা বাছখন আলমোৰাৰ কুপি গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। প্রায় ৫১ জন যাত্রী থকা বাছখন ২০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত হতাহতৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱানসকলে ইতিমধ্যে দূর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত শ্ৰী ধামীয়ে কয় যে, স্থানীয় প্রশাসন আৰু এছ ডি আৰ এফৰ দলে ঘটনাস্থলীত উদ্ধাৰকাৰ্য চলাই আছে আৰু আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। তেওঁ লগতে কয় যে, গুৰুতৰভাৱে আহতসকলক বিমান যোগে চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।