ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 8, 2024 5:30 PM | Uttarakhand

printer

উত্তৰাখণ্ডত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত পাঁচোখন লোকসভা আসনৰ বাবে নিৰ্বাচন

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত উত্তৰাখণ্ডৰ পাঁচোখন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনত ৮৩ লাখ ৩৭ হাজাৰ ৯১৪ গৰাকী ভোটদাতাই ৫৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা গড়ৱাল লোকসভা আসনখনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটদাতাসকলৰ সমৰ্থন তথা বিশ্বাস জয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত তুমূল প্রতিদ্বন্দ্বিতাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিজেপিৰ অনিল বালুনী, কংগ্ৰেছৰ গণেশ গড়িয়াল, বি এছ পিৰ ধীৰ সিং, উত্তৰাখণ্ড ক্রান্তি দলৰ আশুতোষ নেগীকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাই এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। তদুপৰি তিনিগৰাকী নিৰ্দলীয় প্রার্থীয়েও এই প্রতিদ্বন্দ্বিতাত নামিছে।সমষ্টিটোত ৩ লাখ ৩ হাজাৰ ৮০ গৰাকী ভোটদাতাই প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হৈছে। সমষ্টিটোত দুহেজাৰ ৩৫৭টা ভোটগ্রহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে। উল্লেখযোগ্য যে, ২০১৯ চনৰ নিৰ্বাচনত বিজেপিৰ তীৰ্থ সিং ৰাৱাটে কংগ্ৰেছৰ মণিষ খান্দুৰীক ৩ লাখ দুহেজাৰ ৬৬৯ ভোটত পৰাভূত কৰি গড়ৱাল আসন দখল কৰিছিল।