ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকল নির্বাচনী কাম- কাজত ব্যস্ত থকাৰ উপৰি ২০ মে’ পর্যন্ত নিৰ্বাচনী প্ৰক্ৰিয়া চলিবলগীয়া বিষয়টো বিবেচনা কৰি বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেষনা অনুসৰি প্ৰথমবৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। কোনো শিক্ষানুষ্ঠান বা শিক্ষার্থীয়ে পৰীক্ষা অনুষ্ঠিত নোহোৱা বিষয়কেইটাৰ দক্ষতা পৰীক্ষা কৰিব বিচাৰিলে সংশ্লিষ্ট মহাবিদ্যালয়ৰ পৰা অধ্যয়ন আৰু অনুশীলনৰ বাবে প্ৰশ্নকাকত সংগ্ৰহ কৰিব পাৰিব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। অৱশ্যে প্ৰশ্ন কাকতৰ টোপোলা খোলাৰ বাবে যিসমূহ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে তদন্ত চলি আছে, তেনে শিক্ষানুষ্ঠানে সংশ্লিষ্ট মহাবিদ্যালয়ৰ পৰা দক্ষতা পৰীক্ষাৰ বাবে প্ৰশ্ন কাকত আনিব নোৱাৰিব। পৰিষদে লগতে ছাত্ৰ-ছাত্ৰীসকলৰ একাদশ শ্ৰেণীৰ মাৰ্কশ্বিটসমূহ বিদ্যালয় শিক্ষা পৰিষদৰ সংমণ্ডল দুইৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ শিক্ষানুষ্ঠানসমূহক কৰ্তৃত্ব প্ৰদান কৰিছে। নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা বা হৈ যোৱা প্ৰথমবৰ্ষৰ পৰীক্ষাকেইটাত লাভ কৰা গড় নম্বৰৰ ভিত্তিত বাকী থকা বিষয়কেইটাত ছাত্ৰ-ছাত্ৰীসকল নম্বৰ প্ৰদান কৰিব লাগিব। অহা ১৫ জুনৰ ভিতৰত নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নিৰ্দেশ জাৰি কৰিছে।