উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি

● উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা হোৱাৰ পাছতে পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় পৰিষদে কালিৰে পৰা ৪ ডিচেম্বৰলৈ অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়াৰ পুনৰ মুকলি ৰখাৰ কথা ঘোষণা কৰিছে। একাংশ শিক্ষানুষ্ঠানৰ অনুৰোধমৰ্মে অসম ৰাজ্যিক বিদ্যালয় পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত পৰিষদে ঘোষণা কৰা অনুসৰি বৰ্ধিত সময়ছোৱাত প্ৰ-পত্ৰ পূৰণ কৰা ছাত্ৰ-ছাত্ৰীসকল দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ হিচাপে গণ্য কৰা হ’ব। ৪ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যক সকলো শিক্ষানুষ্ঠানকে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।