ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে, উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উচ্চতম ন্যায়ালয়ৰ এই ব্যৱস্থাক তেওঁ বিবাদসমূহ স্বেচ্ছামূলক আৰু সমিলমিলেৰে সমাধান কৰাৰ এখন মঞ্চ বুলি অভিহিত কৰে। ন্যায়াধীশ বিশ্বনাথনে লোকআদালতসমূহক ন্যায় লাভৰ বাবে দক্ষ আৰু ব্যয়সাধ্য মাধ্যম বুলিও অভিহিত কৰে।