ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব স্টাফ তথা ছুপ্রিম লিডাৰ আয়াতুল্লা আলি খামেনেৰ ঘনিষ্ঠ উপদেষ্টা আলি ছাদমানীৰ তেহৰানৰ এটা কমাণ্ড চেণ্টাৰত হোৱা বিমান আক্ৰমণত মৃত্যু হৈছে বুলি নিশ্চিত কৰিছে। যোৱা শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ চীফ অব্ ষ্টাফৰ মৃত্যু হোৱাৰ পাছতেই ছাদমানীয়ে দেশখনৰ খতম-অল-আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ নেতৃত্ব লৈছিল। ইৰাণৰ ছাইবাৰ সুৰক্ষা কমাণ্ডে ইজৰাইলে দেশখনৰ ডিজিটেল আন্তঃগাঁথনিক লক্ষ্য কৰি ব্যাপক ছাইবাৰ যুদ্ধ চলোৱা বুলি অভিযোগ কৰে। ইয়াৰ ফলত দেশখনৰ যাৱতীয় সেৱাসমূহ ব্যাহত হৈছে বুলি ইৰাণৰ এটা সংবাদ সংস্থাই প্ৰকাশ কৰিছে।
ইপিনে, কানাডাত অনুষ্ঠিত জি-চেভেন সন্মিলনে গাজাত যুদ্ধ বিৰতিকে ধৰি মধ্য প্রাচ্যত হিংসাৰ অন্ত পেলোৱাৰ বাবে সামূহিক আহ্বান জাৰি কৰিছে। অৱশ্যে জি-চেভেন ৰাষ্ট্ৰগোষ্ঠীয়ে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতিৰ বাবে পোনপটীয়াকৈ আহ্বান জনোৱা নাই। ইজিপ্তৰ বিদেশ মন্ত্ৰী বদৰ আবদেলাটিয়ে ইৰাণৰ বিদেশ মন্ত্রী আববাছ আঘশ্বি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যপ্রাচ্যৰ ৰাষ্ট্রদূত ষ্টীভ ৱিটকফৰ সৈতে ফোনযোগে কথাপাতি তাৎক্ষণিকভাৱে এই সংঘৰ্ষৰ অন্ত পেলোৱাৰ বাবে আহ্বান জনায়।
Site Admin | June 18, 2025 12:46 PM | Iran Chief of Staff Death
ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু