ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা খেলুৱৈসকলক নতুনকৈ আৰম্ভ কৰা অৱসৰপ্ৰাপ্ত খেলুৱৈ সবলীকৰণ প্ৰশিক্ষণ আৰ ই এছ ই টি কাৰ্যসূচীৰ বাবে আবেদনৰ আহ্বান ক্ৰীড়া মন্ত্ৰী মণ্ডাভিয়াৰ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মণ্ডাভিয়াই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা খেলুৱৈসকলক নতুনকৈ আৰম্ভ কৰা অৱসৰপ্ৰাপ্ত খেলুৱৈ সবলীকৰণ প্ৰশিক্ষণ আৰ ই এছ ই টি কাৰ্যসূচীৰ বাবে আবেদন জনাবলৈ আৰু দেশৰ খেলতন্ত্ৰত সক্রিয় আবেদন আগবঢ়াবলৈ আহ্বান জনাইছে। ক্ৰীড়াৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে আলোকপাত কৰি ড০ মাণ্ডাভিয়াই কয় যে অৱসৰপ্ৰাপ্ত খেলুৱৈ সবলীকৰণ প্ৰশিক্ষণ কাৰ্যসূচী দেশৰ অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক স্বীকৃতি প্ৰদান আৰু তেওঁলোকৰ সবলীকৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হৈছে। বৰ্তমানৰ আৰু অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ মাজৰ ব্যৱধান দূৰ কৰা আৰু অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ দক্ষতা আৰু অভিজ্ঞতাৰ পৰা উদীয়মান খেলুৱৈসকলক উপকৃত কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। এই কাৰ্যসূচী আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী বা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অথবা ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত স্বীকৃতি লাভ কৰা ২০ৰ পৰা ৫০ বছৰ বয়সৰ অৱসৰপ্ৰাপ্ত খেলুৱৈৰ বাবে মুকলি থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।