● অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে কৈছে যে ইণ্ডিগ’ বিমানসমূহে পলমকৈ চলাচল আৰু বাতিলে সৃষ্টি কৰা সমস্যাৰ কিছু উন্নতি হৈছে। বিমান বন্দৰসমূহত যাত্ৰীসকলে আজিৰে পৰা অধিক সময় অপেক্ষা কৰিব নালাগিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। শ্ৰী নাইডুৱে কয় যে চৰকাৰে প্ৰথমতে বিমান বন্দৰসমূহত হৈ থকা যাত্ৰীৰ ভিৰ কমোৱাত গুৰুত্ব দিছে আৰু এই ক্ষেত্ৰত চৰকাৰে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে সক্রিয়ভাৱে কাম কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় যে অসামৰিক বিমান পৰিবহন মন্ত্রালয়ে শিশু, মাতৃ, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক প্ৰাথমিক গুৰুত্ব দিবলৈ বিমান বন্দৰ কৰ্তৃপক্ষৰ লগতে বিমান সংস্থাসমূহক নিৰ্দেশ দিছে।
Site Admin | December 6, 2025 3:56 PM | Akashvani | Akashvani News | Indigo air lines | Ram Mohan Naidu Kinjarapu
ইণ্ডিগ’ বিমানসমূহে পলমকৈ চলাচল আৰু বাতিলে সৃষ্টি কৰা সমস্যাৰ কিছু উন্নতি হৈছেঃ পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু