December 6, 2025 3:56 PM

views 31

ইণ্ডিগ’ বিমানসমূহে পলমকৈ চলাচল আৰু বাতিলে সৃষ্টি কৰা সমস্যাৰ কিছু উন্নতি হৈছেঃ পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু

● অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে কৈছে যে ইণ্ডিগ' বিমানসমূহে পলমকৈ চলাচল আৰু বাতিলে সৃষ্টি কৰা সমস্যাৰ কিছু উন্নতি হৈছে। বিমান বন্দৰসমূহত যাত্ৰীসকলে আজিৰে পৰা অধিক সময় অপেক্ষা কৰিব নালাগিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। শ্ৰী নাইডুৱে কয় যে চৰকাৰে প্ৰথমতে বিমান বন্দৰসমূহত হৈ থকা যাত্ৰীৰ ভিৰ কমোৱাত গুৰুত্ব দিছে আৰু এই ক্ষেত্ৰত চৰকাৰে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে সক্রিয়ভাৱে কাম কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় যে অসামৰিক বিমান পৰিবহন মন্ত্রালয়ে শিশু, মাতৃ, ...

December 5, 2025 4:29 PM

views 23

অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ পর্যালোচনা বৈঠক

যোৱা মাহৰ শেষৰ পৰা ইণ্ডিগোৰ বিমান সেৱাৰ বেমেজালিৰ পৰিপ্ৰেক্ষিতত আজি অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ইণ্ডিগো বিমানৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে বিমান পৰিবহন সংস্থাটোক বিমান পৰিবহন পৰিচালনাৰ ক্ষেত্ৰত সমালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিমান সংস্থাটোক অনতিপলমে কাম-কাজ স্বাভাৱিক কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে যাত্ৰীৰ...

April 26, 2025 9:15 PM

views 26

ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়িত্বশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ যুৱ সমাজৰ প্ৰতি কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী কে ৰাম মোহন নায়ডুৰ আহ্বান

কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী কে ৰাম মোহন নায়ডুৱে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়িত্বশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ যুৱ সমাজৰ প্ৰতি আহ্বান জনাইছে। বিশাখাপট্টনমৰ সাগৰমালা প্ৰেক্ষাগৃহত আজি আয়োজিত ৰোজগাৰ মেলাত ২৫০ গৰাকী নৱনিযুক্ত প্রার্থীক উদ্দেশ্যি ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ নৱনিযুক্ত প্ৰাৰ্থীসকলক ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ অৰ্থ বাস্তবায়িত কৰাৰ বাবে নিষ্ঠা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়৷