ইণ্ডিগ’ এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কেন্দ্ৰৰ

● কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ’ এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ইয়াৰ বাবে এখন চাৰ্জিনীয়া সমিতি গঠন কৰা হৈছে। ১৫ দিনৰ ভিতৰত এই বিপর্যয়ৰ কাৰণ আৰু গাফিলতি সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিখনক নিৰ্দেশ দিয়া হৈছে। সমিতিখনে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰী, পাইলটকে ধৰি কৰ্তৃপক্ষৰ অৱহেলা সন্দৰ্ভতো তদন্ত কৰিব ।

দিল্লী বিমান বন্দৰত পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাবিক হৈ অহা বুলি প্ৰকাশ কৰা হৈছে। এটা নিৰ্দেশনাত দিল্লী বিমান বন্দৰ প্ৰাধিকৰণৰ তৰফৰ পৰা যাত্ৰীসকলক জনোৱা হৈছে যে পৰিস্থিতি স্বাভাবিক হ’লেও কিছু সংখ্যক ইণ্ডিগ’ বিমানৰ চলাচলত অসুবিধা অব্যাহত থাকিব। লগতে বিমান বন্দৰ এৰাৰ পূৰ্বে বিমানৰ শেহতীয়া স্থিতি পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক আহ্বান জনোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।