● ইটানগৰত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি কৰা হয়। এই ভৱন মুকলি অনুষ্ঠানত অংশগ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভায়ে ন্যায় প্রদান ব্যৱস্থাক শাসক আৰু ক্ষমতাশালীৰ মাজত আৱদ্ধ নাৰাখি জনতাৰ দৰবাৰলৈ নিব লাগে বুলি মন্তব্য কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, যে জনসাধাৰণে সহজে ন্যায় পোৱাটো নিশ্চিত কৰিব লাগিব। অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিকাক প্ৰশংসা কৰি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকলো মুখ্য ন্যায়াধীশৰ শলাগ লয়। উল্লেখযোগ্য যে ১৩৫ কোটি ৩৫ লাখ টকা ব্যয়েৰে নির্মিত নতুন স্থায়ী ভৱনটোত আধুনিক সা-সুবিধাযুক্ত পাঁচটা আদালত কক্ষৰ ব্যৱস্থা আছে।
Site Admin | August 11, 2025 11:49 AM | Akashvani | Akashvani News | Guwahati High Court | Itanagar
ইটানগৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি
