ইজৰাইলৰ সেনা বাহিনীয়ে হামাছ সন্ত্ৰাসবাদীক নির্মূল কৰিব

■ ইজৰাইলৰ সেনা বাহিনীয়ে হামাছ সন্ত্ৰাসবাদী নির্মূল আৰু গাজাৰ ইজৰাইলৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহত থকা সুৰংগ ধ্বংস কৰি যাব বুলি দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজে প্ৰকাশ কৰিছে। ৰাফাত বন্দী কৰি ৰখা হামাছৰ সন্ত্ৰাসবাদীক গাজা ষ্ট্ৰীপলৈ ঘূৰাই পঠোৱাৰ বাবে আমেৰিকাই ইজৰাইলক আহ্বান জনোৱা বুলি তথ্য প্ৰকাশৰ মাজতে কালি কাজে এই মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে ইজৰাইলৰ উদ্দেশ্য হৈছে – হামাছক নিৰস্ত্ৰ কৰি গাজাক সেনামুক্ত কৰা আৰু পণবন্দীসকলৰ মৃতদেহ উদ্ধাৰ কৰা। ৰাফাৰ সুৰংগসমূহৰ ভিতৰত এতিয়াও হামাছৰ প্ৰায় ২০০ বন্দুকধাৰীয়ে আত্মগোপন কৰি আছে বুলি ইজৰাইলৰ চোৰাংচোৱাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে দক্ষিণ ইজৰাইলত আক্ৰমণ কৰি প্ৰায় এহেজাৰ ২০০ লোকক হত্যা কৰে আৰু ২৫২ জন ইজৰাইলী আৰু বিদেশী নাগৰিকক বন্দী কৰি ৰাখে। গাজাত এতিয়াও পাঁচজন ইজৰাইলী আৰু দুজন বিদেশী নাগৰিকৰ মৃতদেহ আছে বুলি চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰিছে।