ইজিপ্তৰ বৈদেশিক মন্ত্ৰী বদৰ আব্দেলাট্টীৰ সৈতে জে পি নাড্ডাৰ বৈঠক

● কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্রকাশ নাড্ডা কালি নতুন দিল্লীত ইজিপ্তৰ বৈদেশিক মন্ত্ৰী বদৰ আব্দেলাট্টীৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীনাড্ডাই কয় যে, বৈঠকত উভয় দেশৰ মাজৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সংযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে সাৰ, ঔষধ, ৰাসায়নিক সামগ্ৰী আৰু পেট্ৰ’কেমিকেলৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে কয়, যে বৈঠকৰ সময়ত দুয়োপক্ষই বিনিময় বৃদ্ধি তথা উদ্ভাৱন আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে সহযোগিতাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে আৰু দুয়ো দেশৰ মাজৰ শক্তিশালী সহযোগিতাৰ পথ প্ৰশস্ত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।