ডাউনলোড
মোবাইল এপ

android apple
signal

ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সঁকিয়নি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ সঁকিয়াই দিছে। তেওঁ লগতে কয়, যে শেহতীয়াকৈ পেহেলগামত হোৱা আক্ৰমণৰ দৰে পাকিস্তানে যদি কোনো ধৰণৰ প্ৰৰোচনাত পৰি ভাৰতক পুনৰ আক্ৰমণ কৰাৰ চেষ্টা কৰে, তেন্তে ভাৰতে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। মন্ত্ৰীজনে আমেৰিকাৰ এখন ডিজিটেল বাতৰি কাকতৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এইদৰে প্ৰকাশ কৰে। ড০ জয়শংকৰে লগতে কয়, যে চীনে পাকিস্তানৰ সৈতে থকা আত্মীয়তাৰ আঁৰত সন্ত্ৰাসবাদৰ পোষকতা কৰিব নোৱাৰে। তেওঁ লগতে কয়, যে সন্ত্রাসবাদে সকলো ধৰণৰ লোকৰ জীৱনক প্ৰভাৱান্বিত কৰে। ফ্রান্স ভ্ৰমণৰত মন্ত্ৰীজনে দেশখনৰ আন এখন বাতৰি কাকতক দিয়া এটা সাক্ষাৎকাৰত কয়, যে ভাৰত আৰু চীনে এখোজ দুখোজকৈ আগুৱাই দেশ দুখনৰ সম্পৰ্কক উন্নীত কৰিব পাৰে। লগতে কোডিকালৰ পাছৰ সময়ছোৱাৰ পৰা দেশ দুখনৰ মাজৰ পোনপটীয়া যুদ্ধত যতি পৰা বুলিও তেওঁ লগতে উল্লেখ কৰে। তেওঁ জনায় যে, ভাৰতৰ যুদ্ধ সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে, কোনো এখন বিশেষ দেশৰ বিৰুদ্ধে নহয়। ড০ জয়শংকৰে লগতে আঙুলিয়াই দিয়ে যে, ভাৰতবৰ্ষই সন্ত্রাসবাদক কোনো পধ্যেই উদগনি নোযোগায়। ইয়াৰ বিপৰীতে পাকিস্তানে বহু বছৰৰ আগৰে পৰাই সন্ত্ৰাসবাদীলৈ পোনপটীয়া সহযোগিতা আগবঢ়াই আহিছে।
ভূ-ৰাজনৈতিক বিষয়সমূহৰ সন্দৰ্ভত হোৱা আলোচনাত মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতবৰ্ষই ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ সংঘৰ্ষৰ অন্ত পৰাটো বিচাৰে। তেওঁ লগতে কয়, যে ভাৰতবৰ্ষই মস্কো আৰু কীভৰ সৈতে বার্তালাপত অংশ লৈছিল, কাৰণ বিবাদ নিষ্পত্তিৰ কেৱল শান্তিয়েই এটা প্ৰক্ৰিয়া বুলি ভাৰতে বিশ্বাস কৰে। তেওঁ লগতে আশা প্রকাশ কৰে যে, শীঘ্ৰেই অহা মাহৰ ৯ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে অন্ত পৰিবলগীয়া শুল্ক ব্যৱস্থাৰ ক্ষেত্ৰত এখন বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিব পৰা যাব।

অধিক পঢ়ক

সকলো চাওক