ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইউ এছ অ’পেন টেনিছৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি

ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি হ’ব। আমেৰিকাৰ এনিছিমোভাই প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নাওমী অছাকাক পৰাস্ত কৰে। ইফালে, প্রথমখন ছেমি ফাইলেনত বেলাৰুচৰ ছেভেলেংকাই আমেৰিকাৰ জেছিকা পেগুলাক পৰাস্ত কৰে।
পুৰুষৰ একক শাখাৰ এখন ছেমি ফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানৰ ইটালীৰ বৰ্তমানৰ চেম্পিয়ন জেনিক চিনাৰ কানাডাৰ ফেলিক্স উগেৰ এলিয়াছিমেৰ মুখামুখি হ’ব। আনখন ছেমি ফাইনেলত নভাক জ’ক’ভিচে স্পেইনৰ কাৰ্লোৰ্ছ আলকাৰাজৰ মুখামুখি হ’ব।
পুৰুষৰ ডাবলচ্ শাখাৰ ছেমি ফাইনেলত ভাৰত আৰু নিউজিলেণ্ডৰ যুটি কি ভামব্ৰী আৰু মাইকেল ভেনাছ ইংলেণ্ডৰ নীল স্কুপস্কি আৰু জ’ ছালিছবুৰিৰ হাতত পৰাস্ত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।