ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইউৰো কাপ ২০২৪ৰ উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত

ইউৰো কাপ ২০২৪ত মিউনিখৰ এলিয়ানজ এৰিনা ফুটবল ষ্টেডিয়ামত কালি অনুষ্ঠিত উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত কৰে। আয়োজক দল জাৰ্মানীৰ হৈ খেলৰ প্ৰথমাৰ্ধত কাই হাভাৰ্টজ, ফ্লৰিয়ান উইটজ আৰু জামাল মুছিয়ালাই এটাকৈ গ’ল দিয়ে। দ্বিতীয়ার্ধত নিক্লাছ ফুলক্রুগ আৰু এমৰে কেনে এটাকৈ গ’ল দিয়ে। স্কটলেণ্ডৰ হৈ খেলৰ ৮৭ মিনিটত এণ্টনিঅ’ ৰুডিগাৰে এটা গ’ল দিবলৈ সমর্থ হয় । আজি কল’নত গ্ৰুপ এৰ এখন খেলত হাংগেৰীয়ে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। আনহাতে বাৰ্লিনত গ্রুপ বিৰ এখন খেলত ক্ৰ’ৱেচিয়া স্পেইনৰ মুখামুখি হ’ব। ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপত এইবাৰ মুঠ ২৪খন দেশে প্রতিদ্বন্দ্বিতা কৰিছে আৰু দলসমূহক ছটা গোটত বিভক্ত কৰা হৈছে।