ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ড্রোন আৰু মিছাইল আক্ৰমণত ৩টি শিশুসহ ১২ জন লোকৰ মৃত্যু

আজি পুৱাৰ ভাগত ৰাছিয়াই ইউক্রেইনৰ ওপৰত চলোৱা ড্রোন আৰু মিছাইল আক্ৰমণত ৩ টি শিশুসহ ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছে। ইউক্ৰেইনৰ প্ৰশাসনে কয়, যে এই আক্ৰমণত কেৱল কিয়েভ অঞ্চলতে চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩ জন লোক গুৰুতৰভাৱে আহত হয়৷ ইউক্রেইনৰ বায়ু সেনা বাহিনীয়ে জনোৱা মতে, এই আক্ৰমণত ৰাছিয়াই ৫৬ টা ক্রুইজ মিছাইল, ৯ টা বেলিষ্টিক মিছাইল, ৪ টা গাইডেদ মিছাইল আৰু ২৯৮ টা ড্রোন ব্যৱহাৰ কৰিছে। ইয়াৰে ৪৫ টা ক্রুইজ মিছাইল আৰু ২৬৪ টা ড্রোন ইউক্রেইনৰ প্ৰতিৰক্ষা বাহিনীয়ে ধংস কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।