May 25, 2025 8:23 PM

views 27

ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ড্রোন আৰু মিছাইল আক্ৰমণত ৩টি শিশুসহ ১২ জন লোকৰ মৃত্যু

আজি পুৱাৰ ভাগত ৰাছিয়াই ইউক্রেইনৰ ওপৰত চলোৱা ড্রোন আৰু মিছাইল আক্ৰমণত ৩ টি শিশুসহ ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছে। ইউক্ৰেইনৰ প্ৰশাসনে কয়, যে এই আক্ৰমণত কেৱল কিয়েভ অঞ্চলতে চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩ জন লোক গুৰুতৰভাৱে আহত হয়৷ ইউক্রেইনৰ বায়ু সেনা বাহিনীয়ে জনোৱা মতে, এই আক্ৰমণত ৰাছিয়াই ৫৬ টা ক্রুইজ মিছাইল, ৯ টা বেলিষ্টিক মিছাইল, ৪ টা গাইডেদ মিছাইল আৰু ২৯৮ টা ড্রোন ব্যৱহাৰ কৰিছে। ইয়াৰে ৪৫ টা ক্রুইজ মিছাইল আৰু ২৬৪ টা ড্রোন ইউক্রেইনৰ প্ৰতিৰক্ষা বাহিনীয়ে ধংস কৰিছে।

April 21, 2025 3:51 PM

views 27

ৰাছিয়া আৰু ইউক্রেইনে দীৰ্ঘদিনীয়া যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে চলিত সপ্তাহতে এখন শান্তি চুক্তিত উপনীত হ’ব

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে আশা প্ৰকাশ কৰিছে যে ৰাছিয়া আৰু ইউক্রেইনে দীৰ্ঘদিনীয়া যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে চলিত সপ্তাহতে এখন শান্তি চুক্তিত উপনীত হ'ব। সামাজিক মাধ্যমৰ মঞ্চ টুথ ছ'চিয়েলত ট্রাম্পে কয় যে ৰাছিয়া আৰু ইউক্রেইন এই চুক্তিত উপনীত হ'লেই দেশ দুখনৰ আমেৰিকাৰ সৈতে ব্যৱসায়িক সম্বন্ধ স্থাপন হ'ব।

April 20, 2025 8:59 PM

views 28

ৰাছিয়াৰ ৩০ ঘণ্টীয়া ইষ্টাৰ যুদ্ধ বিৰতি ইউক্রেইনে ভংগ কৰা দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অভিযোগ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে ঘোষণা কৰা ৩০ ঘণ্টীয়া ইষ্টাৰ যুদ্ধ বিৰতি ইউক্রেইনে ভংগ কৰা বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে অভিযোগ কৰিছে। ইপিনে, ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ জেলেনক্সিয়ে কয়, যে ৰাছিয়াইহে ইউক্রেইনৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে। যুদ্ধ বিৰতি ৩০ দিনলৈ বৃদ্ধি কৰাৰ বাবে জেলনক্সিয়ে আগবঢ়োৱাৰ পূৰ্বৰ প্ৰস্তাৱটো ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ উল্লেখ কৰিছে। উল্লেখযোগ্য যে, ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ পাছতো ইষ্টাৰ উপলক্ষে দুই দেশৰ মাজত ভ...

December 31, 2024 1:14 PM

views 30

সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মধ্যস্থতাত ৰাছিয়া আৰু ইউক্রেইনে শ শ যুদ্ধবন্দীৰ বিনিময়

সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মধ্যস্থতাত ৰাছিয়া আৰু ইউক্রেইনে শ শ যুদ্ধবন্দীৰ বিনিময় কৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এটা সূত্ৰই কয় যে তেওঁলোকে বন্দী হৈ থকা ১৫০ জন ইউক্রেইন সৈনিকক মুকলাই দিছে আৰু ইয়াৰ বিনিময়ত ইউক্রেনেও সমান সংখ্যক ৰাছিয়াৰ সৈন্য দেশখনলৈ ওভতাই পঠিয়াইছে। ইফালে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেন্সকিয়ে কয় যে বৰ্তমানলৈ ১৮৯ জন ইউক্রেইনৰ নাগৰিক দেশখনলৈ উভতি আহিছে। ২০২২ চনৰ মে' মাহত ৰাছিয়াই ইউক্রেইনৰ দক্ষিণ-পূব প্ৰান্তৰ মাৰিউপল চহৰ দখল কৰাৰ পাছত চহৰখনৰ আজ’ভষ্টাল তীখা উদ্যোগ...

September 8, 2024 11:24 AM

views 34

ৰাছিয়া-ইউক্রেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি ইটালীৰ প্ৰধানমন্ত্রীৰ মন্তব্য

ইটালীৰ প্ৰধানমন্ত্রী জিঅ' ৰজিয়া মেলনিয়ে কৈছে যে, ৰাছিয়া-ইউক্রেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনৰ দৰে দেশে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদমীৰ পুটিনে এই সংঘাত নিৰাময়ৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰাৰ পাছতেই ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি ইক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিৰ সৈতে হোৱাৰ সাক্ষাতৰ পাছতেই এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত ইউক্রেইন ভ্ৰমণৰ সময়ত দেশ...

September 6, 2024 9:02 PM

views 32

ইউক্রেইনৰ সংকটক লৈ সম্ভাব্য শান্তি আলোচনাত ভাৰত, ব্রাজিল আৰু চীনে মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰেঃ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কয় যে, ইউক্রেইনৰ সংকটক লৈ সম্ভাব্য শান্তি আলোচনাত ভাৰত, ব্রাজিল আৰু চীনে মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰে। ইষ্টাৰ্ন ইকনমিক ফ'ৰামৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ দি ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে, ভাৰত, ব্রাজিল আৰু চীনে ইউক্রেইনৰ পৰিস্থিতি উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। ইউক্রেইনৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত, চীন আৰু ব্ৰাজিলৰ সৈতে তেওঁ অহৰহ যোগাযোগত আছে বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মস্কো ভ্ৰমণ আৰু শেহতীয়াকৈ ইউক্রেইন ভ্ৰমণৰ পাছত পুটিনৰ এই মন্তব্য প্ৰক...

August 25, 2024 8:06 PM

views 42

ৰাছিয়াৰ বেলগ’ৰ’ড অবলাষ্ট অঞ্চলত ইউক্রেইনৰ সশস্ত্র বাহিনীৰ আক্ৰমণ

ৰাছিয়াৰ বেলগ'ৰ'ড অবলাষ্ট অঞ্চলৰ ৰাকিটনৈয়ে গাঁৱত আজি ইউক্রেইনৰ সশস্ত্র বাহিনীয়ে চলোৱা এটা আক্ৰমণত পাঁচ গৰাকী লোক নিহত হোৱাৰ লগতে ১২ গৰাকী লোক আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ঘটনাত স্থানীয় আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ১০ টা বাসগৃহ, দুটা বাণিজ্যিক ভৱন আৰু চাৰিখন যাত্রীবাহী বাহন বিধবস্ত হয়। প্ৰশাসনৰ তৰফৰ পৰা দিনৰ ভাগত ঘৰে ঘৰে পৰিদৰ্শন অভিযান চলোৱা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।