ইংলেণ্ড দল আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ইংলেণ্ডে ভাৰতক ৪ ৰানত পৰাস্ত কৰি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। যোৱা নিশা ইন্দোৰৰ হ’লকাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলত ২৮৯ ৰানৰ বিজয় লক্ষ্যৰে খেলি ভাৰতীয় দলটোৱে নির্ধাৰিত ৫০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২৮৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। স্মৃতি মান্ধানাই ৮৮, হৰমনপ্রীত কৌৰে ৭০ আৰু দিপ্তী শৰ্মাই ৫০ ৰান কৰে। ইয়াৰ পূৰ্বে ইংলেন্ডে প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ২৮৮ ৰান কৰে। দলৰ হৈ হিথাৰ নাইটছে ১০৯ ৰান কৰি ইংলেণ্ডৰ স্থিতি সবল কৰি তোলে। ভাৰতৰ হৈ দিপ্তী শর্মাই ৪টা উইকেট দখল কৰাৰ লগতে নবাগত শ্রী চৰণীয়ে দুটা উইকেট লাভ কৰে। হিথাৰক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।

ইংলেণ্ডৰ পূৰ্বে অস্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকাই ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতে এই প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে নিউজিলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া দুয়োখন খেলতে জয়লাভ কৰিব লাগিব।

প্রতিযোগিতাৰ আজিৰ খেলত শ্রীলংকা বাংলাদেশৰ বিৰুদ্ধে অবতীর্ণ হ’ব। খেলখন নবী মুম্বাইৰ ড০ ডি বাই পাটিল স্পটছ একাডেমীত বিয়লি ৩ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।