আহমেদাবাদ বিমান দুর্ঘটনাত প্ৰাণ হানি হোৱা সকলৰ ভিতৰত এতিয়ালৈ ৩২ গৰাকী লোকৰ ডি এন এ চিনাক্ত কৰিব পৰা গৈছে। এতিয়ালৈকে ১৪ গৰাকী লোকৰ মৃতদেহ পৰিয়ালক গটাই দিয়া হৈছে। ৰাজ্যখনৰ গৃহ মন্ত্ৰী হৰ্ষ চাংঘৱিয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ ডি এন এৰ নমুনাও চিনাক্ত কৰিব পৰা গৈছে। উল্লেখযোগ্য যে গান্ধীনগৰ ফৰেনচিক বিজ্ঞান গৱেষণাগাৰত বিগত ২৪ ঘণ্টা ধৰি অবিৰতভাৱে ডি এন এৰ নমুনা পৰীক্ষণ অব্যাহত আছে। গৱেষণাগাৰৰ সঞ্চালক এইচ পি চাংঘবিয়ে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। তেওঁ কয় যে ডি এন এৰ নমুনা লাভ কৰাৰ দুটা পদ্ধতি আছে। তেওঁ প্ৰকাশ কৰা অনুসৰি সমগ্ৰ পদ্ধতি অৱলম্বন কৰাৰ পাছতো যদি নিৰ্দিষ্ট পৰিমাণৰ ডি এন এ সংগ্ৰহ কৰিব পৰা নাযায় তেতিয়া বিশেষ পদ্ধতি অৱলম্বন কৰা হব। ইতিমধ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্য সচিব পি কে মিশ্ৰই আজি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ৰাজ্যখনৰ আৰক্ষী বিভাগৰ মুৰববী বিকাশ সাহাইয়ে শ্রীমিশ্রক সবিশেষ অৱগত কৰে। তদুপৰি বিমান দুর্ঘটনা তদন্ত ব্যুৰোৰ এগৰাকী বিষয়াও তদন্তৰ অগ্ৰগতি সন্দৰ্ভত শ্রীমিশ্ৰক অৱগত কৰে। শ্ৰীমিশ্ৰই দুৰ্ঘটনাগ্রস্ত ছাত্ৰাবাসটোও পৰিদৰ্শন কৰে।
Site Admin | June 15, 2025 9:00 PM | Ahmedabad Plane Crash | P K Mishra
আহমেদাবাদ বিমান দুর্ঘটনাত প্ৰাণ হানি হোৱা সকলৰ ভিতৰত ৩২ গৰাকী লোকৰ ডি এন এ চিনাক্ত
