আহমেদাবাদৰ বিমান দুর্ঘটনা সন্দৰ্ভত বিমান দুর্ঘটনা অনুসন্ধান ব্যুৰোৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ ভিত্তিত কোনো সিদ্ধান্তত উপনীত হোৱাটো বুদ্ধিমানৰ কাম নহ’ব বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী ৰামমোহন নাইডু কিঞ্জৰাপুয়ে মত প্ৰকাশ কৰিছে। চূড়ান্ত প্রতিবেদন ওলোৱালৈকে কোনো ধৰণৰ মন্তব্য কৰাটো উচিত নহ’ব বুলি তেওঁ কয়। গাজিয়াবাদৰ হিন্দন অসামৰিক বিমান বন্দৰৰ পৰা ১০খন নতুন বাণিজ্যিক বিমানৰ উৰণ আৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পশ্চিমীয়া সংবাদমাধ্যমক তীব্র সমালোচনা কৰে। তেওঁ কয়, যে তেওঁলোকে প্ৰকাশ কৰা প্ৰতিবেদনত ন্যস্তস্বার্থ জড়িত হৈ থাকিব পাৰে। ভাৰততে ব্লেকবক্সৰ বাৰ্তা উদ্ধাৰ কৰাৰ বাবে তেওঁ এ এ আই বিক প্ৰশংসা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে হিন্দন বিমান বন্দৰৰ পৰা দেশৰ ১০ খন প্ৰধান মহানগৰলৈ আজি পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এতিয়াৰে পৰা বেংগালুৰু, কলকাতা, বাৰাণসী, ইন্দোৰ, চেন্নাই, আহমেদাবাদ, পাটনা, গোৱা আৰু মুম্বাইলৈ গাজিয়াবাদৰ পৰা পোনপটীয়া বিমান সেৱা উপলভ্য হোৱাৰ ফলত অঞ্চলটোৰ যাত্ৰীসকলে দিল্লী বিমান বন্দৰক নিৰ্ভৰ নকৰাকৈ সুকলমে যাত্ৰা কৰিব পাৰিব।
Site Admin | July 20, 2025 8:32 PM | Ahmedabad Plane Crash
আহমেদাবাদৰ বিমান দুর্ঘটনা সন্দৰ্ভত চূড়ান্ত প্রতিবেদন ওলোৱালৈকে কোনো ধৰণৰ মন্তব্য কৰাটো উচিত নহ’ব বুলি অসামৰিক বিমান পৰিবহন মন্ত্রী ৰামমোহন নাইডু কিঞ্জৰাপুৰ মত প্ৰকাশ
