ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক’চিং ডিপ’ বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ত্ৰিপুৰাৰ পৰা কাশ্মীৰলৈ কৰ্তব্য সম্পাদনৰ বাবে যোৱা সীমান্ত সুৰক্ষা বাহিনী- বি এছ এফৰ বিষয়া আৰু জোৱানক পুৰণি আৰু অনুপযোগী ৰে’লৰ সুবিধা প্ৰদান কৰাৰ বিৰুদ্ধে ইয়াৰ লগত জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক’চিং ডিপ’ বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰিছে। শ্রীবৈষ্ণৱে কৈছে যে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা বাহিনীসমূহৰ মৰ্যদা আৰু আৰামক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু এনে ধৰণৰ অবহেলাৰ ঘটনা কোনো পর্যায়তে কেতিয়াও সহ্য কৰা নহয়। বি এছ এফৰ বিষয়া জোৱানসকলক সন্মান আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগৰতলাৰ পৰা এখন এখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে। ৰে’ল মন্ত্ৰালয়ে লগতে এই ঘটনাটোৰ সন্দৰ্ভত সবিশেষ তদন্তৰ নিৰ্দেশ দিছে।