ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আর্কটিক অ’পেন ২০২৪ৰ প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন

ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন আজি ফিনলেণ্ডৰ ভান্টাত অনুষ্ঠিত আর্কটিক অ’পেন ২০২৪ৰ প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি তেওঁ পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত ডেনমাৰ্কৰ ৰাছমুছ গেমকেৰ বিৰুদ্ধে খেলাৰ কথা আছিল যদিও গেমকেই প্ৰথম ৰাউণ্ডৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰাত সেনে ৱাক অভাৰ পায়। প্রতিযোগিতাত আজি অন্য এগৰাকী ভাৰতীয় শ্বাটলাৰ কিৰণ জৰ্জ চাইনিজ টাইপেইৰ ৱাং জু ৱেইৰ বিৰুদ্ধে খেলিব।
মহিলাৰ একক শাখাত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. কালি প্ৰথম ৰাউণ্ডত কানাডাৰ মিচেল লিৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় । অৱশ্যে ভাৰতৰ আকৰ্ষী কাশ্যপ আৰু মালবিকা বানছ’ডে ৰাউণ্ড অফ-16 লৈ আগবাঢ়ি যায়।কাশ্যপে জার্মানীৰ ইভন লিক ২১–১৯, ২১-১৪ গ’লত পৰাস্ত কৰাৰ বিপৰীতে বানছ’দে বিশ্বৰ ২৩ নং টাইপেইৰ ছুং শ্বুও ইউনক ২১–১৯, ২৪-২২ গ’লত পৰাস্ত কৰে।