ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 6, 2024 8:04 PM | Donald Trump

printer

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ৰিপাব্লিকান দলৰ নেতা ডোনাল্ড ট্রাম্পৰ বিজয় সুনিশ্চিত

ৰিপাব্লিকান দলৰ নেতা ডোনাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত বিজয় সুনিশ্চিত কৰিছে। শ্ৰীট্টাম্পে ডেম’ক্রেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছৰ বিৰুদ্ধে ব্যাপক অগ্রগতি লাভ কৰিছে। জয় নিশ্চিত হোৱাৰ পাছত শ্ৰীট্টাম্পে এইদৰে কয় : বাইট পৰিৱৰ্তিত ঘটনাক্ৰমৰ সংকেত লাভ কৰাৰ পাছত কমলা হেৰিছে হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ নিৰ্ধাৰিত ভাষণ বাতিল কৰিছে। শ্ৰীট্টাম্পে জয়ৰ বাবে আৱশ্যকীয় ২৭০ টা ইলেকট্ৰৰেল ভোট ইতিমধ্যে অতিক্ৰম কৰিছে। তেওঁ পেঞ্চিলভেনিয়া আৰু জর্জিয়াসহ গুৰুত্ব অঞ্চলসমূহত জয় লাভ কৰিছে। এটা গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত ৰিপাব্লিকান দলে অহিঅ’ আৰু পশ্চিম ভার্জিনিয়াত জয় লাভেৰে চীনেটত নিয়ন্ত্ৰণ লাভ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয় লাভ কৰাৰ বাবে শ্ৰীট্রাম্পক অভিনন্দন জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সৰ্বাত্মক গোলকীয় আৰু কৌশলগত সহযোগিতা সূদৃঢ় কৰাৰ বাবে আগ্রহী। প্রধানমন্ত্ৰীয়ে গোলকীয় শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ প্ৰসাৰ তথা দুয়ো দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে একেলগে কাম কৰিবলৈ শ্ৰীট্রাম্পৰ প্ৰতি আহ্বান জনাইছে।