ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত ভাৰতৰ কৃশা বার্মাৰ স্বর্ণ পদক অৰ্জন

ভাৰতৰ কৃশা বার্মাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত কালি এটা স্বর্ণ পদক অৰ্জন কৰিছে। আনহাতে ভাৰতৰ আন ৫গৰাকী বক্সাৰ নিজৰ নিজৰ শাখাৰ ফাইনেলত পৰাস্ত হৈ স্বর্ণ পদকৰ পৰা বঞ্চিত হ’ল। কৃশাই ফাইনেলত জাৰ্মানীৰ লেৰিকা চাইমনক ৫-০ত পৰাস্ত কৰে। ভাৰতৰ চঞ্চল চৌধাৰীয়ে মহিলাৰ ৪৮ কিলোগ্রাম শাখাত ইংলেণ্ডৰ ৰূবী হোৱাইটৰ বিৰুদ্ধে পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। মহিলাৰ ৫৭ কিলোগ্রাম শাখাৰ ফাইনেলত অঞ্জলি সিং ইংলেণ্ডৰ মিয়া-টয়াহ আইটনৰ বিৰুদ্ধে পৰাজিত হয়। পুৰুষৰ ৭৫ কিলোগ্রাম শাখাৰ ফাইনেলত ৰাহুল কুণ্ডুৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জোচেফ উইনংয়াৰ বিৰুদ্ধে খেলি পৰাজিত হয় আৰু ৰূপৰ পদক লাভ কৰে। মহিলাৰ ৬০ কিলেগ্রাম শাখাৰ ফাইনেলত ভাৰতৰ ভিনিক এলা লছডালেই ৩-২ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইংলেণ্ডৰ লিলি ডেকনৰ বিৰুদ্ধে খেলি মহিলাৰ ৭০ কিলোগ্রাম শাখাত ভাৰতৰ আকাংক্ষা ফালাছৱাল পৰাজিত হয়। আজি নিশা ভাৰতৰ আন ৫ গৰাকী মহিলা বক্সাৰে স্বৰ্ণ পদকৰ বাবে খেলত অৱতীৰ্ণ হ’ব। একেদৰে পুৰুষৰ ৯০ কিলোগ্রাম শাখাত হেমন্ত চেংৱানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাইচন ছিমৰ বিৰুদ্ধে খেলিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।