ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আমেৰিকা-চীনৰ বাণিজ্যিক চুক্তিৰ ম্যাদ আৰু ৯০ দিন বৃদ্ধি কৰিবলৈ সন্মত হোৱাৰ সম্ভাৱনা

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে আজি ছুইডেনৰ ষ্টকহ’মত নতুন লানি বাণিজ্যিক আলোচনা আৰম্ভ কৰিব। বিশ্বৰ বৃহত্তম অর্থনীতিৰ ৰাষ্ট্ৰ দুখনে বাণিজ্যিক চুক্তিৰ ম্যাদ আৰু ৯০ দিন বৃদ্ধি কৰিবলৈ সন্মত হোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেচেণ্ট আৰু চীনৰ উপ-প্রধানমন্ত্ৰী হে লিফেঙে আলোচনাৰ নেতৃত্ব দিব । বৰ্তমানৰ ৯০ দিনীয়া বাণিজ্যিক চুক্তিৰ অধীনত দুয়োখন দেশে সাময়িকভাৱে পাৰস্পৰিক শুল্ক হ্ৰাস কৰিবলৈ সন্মত হৈছিল আৰু ইয়াৰ ম্যাদ অহা ১২ আগষ্টত উকলি যাব।