আমেৰিকা আৰু ইৰাণৰ মাজত চতুৰ্থলানি আলোচনাৰ অন্ত

তেহৰানৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত চতুৰ্থলানি আলোচনা কালি ওমানৰ ৰাজধানী মাছকাটত অন্ত পৰে আৰু দুয়ো পক্ষই পুনৰ বৈঠকত মিলিত হ’বলৈ সন্মত হয়। মধ্যপ্রাচ্যস্থিত মার্কিন ৰাষ্ট্রদূত ষ্টীভ উইথ কফে মাছকাটত হোৱা আলোচনাত উৎসাহজনক বুলি অভিহিত কৰাৰ বিপৰীতে ইয়েনৰ বিদেশ মন্ত্রী আববাছ আৰাঘছিয়ে ইয়াক কঠিন কিন্তু উপযোগী বুলি অভিহিত কৰে। ইৰানে পাৰমাণিক অস্ত্ৰ নিৰ্মাণ নকৰিবলৈ ইউৰেনিয়াম সমৃদ্ধি বাতিল কৰিব লাগিব বুলি আমেৰিকাই জোৰ দিছে যদিও দেশখনে তেনে কোনো লক্ষ্য নাই বুলি উল্লেখ কৰি তেওঁলোকে এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰে। ২০১৮ চনত ইৰাণ আৰু আন ৫ খন বিশ্বশক্তিৰ মাজত হোৱা পূৰ্বৰ পাৰমাণৱিক চুক্তিৰ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প আঁতৰি আহিছে। ইয়াৰ পূৰ্বে দুলানি আলোচনাৰ এটা মাছকাটকত আৰু এটা ৰোমত থকা ওমানৰ দূতাবাসত হৈছিল। এগৰাকী জ্যেষ্ঠ মার্কিন বিষয়াই কয়, যে শেহতীয়া আলোচনা ৩ ঘণ্টাৰো অধিক সময় ধৰি চলে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।