আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে গ্রীণলেণ্ড অধিগ্রহণ কৰাৰ দাবী ইউৰোপীয় সংসদৰ

ইউৰোপীয় সংসদে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে গ্রীণলেণ্ড অধিগ্রহণ কৰাৰ দাবী আৰু তেওঁৰ এই পৰিকল্পনাৰ বিৰোধীতা কৰা ইউৰোপীয় সংঘৰ মিত্ৰদেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকিৰ প্ৰতিবাদত সংঘৰ বাণিজ্যিক চুক্তিৰ কাম-কাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুলাই মাহৰ শেষৰফালে স্কটলেণ্ড টাৰ্ণবেতি সম্পাদিত চুক্তিৰ মূল অংশহিচাপে আমেৰিকাৰ সামগ্ৰীসমূহৰ ওপৰত ইউৰোপীয় সংঘৰ ভালেখিনি আমদানি শুল্ক আঁতৰোৱাৰ লগতে ২০২০ চনত প্ৰথমে ট্রাম্পৰ সৈতে চুক্তিবদ্ধ হোৱা আমেৰিকাৰ সামগ্ৰীসমূহৰ ওপৰত শূন্য শুল্ক অব্যাহত ৰখাৰ প্ৰস্তাৱৰ ওপৰত ইউৰোপীয় সংঘৰ মজিয়াত বিতৰ্ক চলি আহিছে। অৱশ্যে এই প্ৰস্তাৱসমূহত সংসদ আৰু ইউৰোপীয় সংঘৰ চৰকাৰসমূহৰ অনুমোদনৰ প্ৰয়োজন। ভালেমান সাংসদে অভিযোগ কৰা অনুসৰি এই বাণিজ্যিক চুক্তিখন এক পক্ষীয় আৰু ইউৰোপীয় সংঘই বেছিভাগ আমদানি শুল্ক কৰ্তন কৰিবলগীয়া হোৱাৰ বিপৰীতে আমেৰিকাই এই শুল্কৰ হাৰ ১৫ শতাংশ অব্যাহত ৰাখিছিল। উল্লেখযোগ্য যে, ইউৰোপীয় সংসদ বাণিজ্য সমিতিয়ে অহা ২৬, ২৭ জানুৱাৰীত ভোটৰ ভিত্তিত নিজৰ স্থিতি গ্ৰহণ কৰিবলগীয়া আছিল যদিও এতিয়া এই পদক্ষেপ পিছুৱাই দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।