ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আফগান তালিবানৰ পাকিস্তানত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ

আফগান তালিবানে পাকিস্তানত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এই আক্রমণত ৫৮ জন পাকিস্তানী সৈনিক নিহত হৈছে। তালিবানে ইয়াক পাক্তিকা প্রদেশত হোৱা পাকিস্তানী বিমান আক্রমণৰ প্ৰতিশোধ বুলি অভিহিত কৰিছে।

তালিবানৰ মুখপাত্র জবিবুল্লাহ মুজাহিদে কয়, যে এই আক্রমণত সীমান্তবর্তী একাধিক স্থানক লক্ষ্য কৰি লোৱা হয় আৰু আক্রমণত অন্য ৩০ জন পাকিস্তানী সৈনিক আহত হয়। আক্রমণত তালিবানৰ ৯ জন যুঁজাৰু নিহত আৰু ১৮ জন আহত হয়।

যোৱা সপ্তাহত কাবুলত সংঘটিত বিস্ফোৰণ আৰু আফগানিস্তানৰ ভূ-খণ্ডত পাকিস্তানে বোমা বর্ষণ কৰাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। আফগানিস্তানে তেহবিকে তালিবান পাকিস্তানৰ সন্ত্রাসবাদীসকলক আশ্রয় দিয়া বুলি পাকিস্তানে অভিযোগ উত্থাপন কৰিছে। তালিবানে অৱশ্যে এই অভিযোগ খণ্ডন কৰিছে। দুয়োখন দেশৰ মাজৰ উত্তেজনাৰ বাবে তোৰ্থম আৰু চমনৰ সীমা চকী বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত ভালেসংখ্যক বাহন আৱদ্ধ হৈ পৰিছে। ইপিনে, চৌদী আৰৱ আৰু কাটাৰে দুয়োখন দেশক সংযম বৰ্তাই ৰাখিবলৈ আৰু আলোচনাৰ মাজেৰে উত্তেজনা দূৰ কৰিবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।